অপেক্ষাৰ শেষত: এটা আধৰুৱা আধ্য
শীতৰ গধূলিটো লাহে লাহে নামি আহিছিল। নীলিমাই খিৰিকীৰ কাষত বহি মোবাইলটোৰ উজ্জ্বল পর্দাখনলৈ চাই আছিল। একাউন্টটো 'এক্টিভ' দেখুৱাইছে, কিন্তু কোনো মেচেজ নাই। অয়ন এতিয়া ব্যস্ত। তাৰ বন্ধুৰ আড্ডাত , হয়তো সি এতিয়া পাহৰিয়েই গৈছে যে কোনোবা এজনীয়ে তাৰ এটা মেচেজৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ আছে। -সলনি হোৱা ঋতু- এসময়ত অয়নৰ গোটেই পৃথিৱীখন নীলিমাৰ পৰাই আৰম্ভ হৈছিল। অফিচৰ ব্যস্ততাৰ মাজতো সি লুকাই-চুৰ কৰি ফোন কৰিছিল। "নীলু, তোমাৰ মাতটো নুশুনিলে কামত মন নবহে,"- এইষাৰ কথা নোকোৱাকৈ তাৰ দিনটো শেষ হোৱা নাছিল। নীলিমাই নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়বোৰ, নিজৰ সপোনবোৰ অয়নৰ নামত লিখি দিছিল। তাই ভাবিছিল, এই মৰম চিৰকাল একেই থাকিব।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
