ফাগুনৰ ডায়েৰিত বিচাৰো তোমাক
ৰৈ আছোঁ মই তোমালৈ ৰক্তিম মদাৰ হৈ, পলাশৰে ফুল তোমাক দিবলৈ দুহাতত ৰাখিছোঁ আলফুলকৈ তোমাৰেই অপেক্ষাত মন মোৰ উৰে শিমলু-তুলা হৈ। সেউজীয়াবোৰ ক্ৰমশঃ হালধীয়া হ'ল সৰাপাতৰ সুৰেৰে তল ভৰি ৰ'ল, এতিয়া যে সময় হ'ল ধূলিয়ৰি ফাগুন অহাৰ ফাগুনৰ পছোৱাত পামনে বাতৰি তোমাৰ? ফাগুনৰ পৰশত জীপাল হ'ব প্ৰকৃতি ফাগুনে দিব হৃদয়ে হৃদয়ে প্ৰেমৰ মদিৰা ঢালি, আলি-আয়ে-লৃগাংত গাবা তুমি ঐনিতম এফাকি গোমৰাগ নৃত্যত মগন হ'ম আমি। যদিও শুনিছোঁ মই চিফুংৰ ঝংকাৰ তুমি বিনে হৃদয় মোৰ নিঃসাৰ, ফাগুনৰ বোকোচাত উঠি আহিব প্ৰাণৰ হোলী মোৰ এঙেৰুৱা ককিজাত ৰং ছটিয়াবলৈ আহিবানে তুমি?
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
