* প্ৰাৰ্থনা *
ল এজাক আপদীয়া বতাহ বলিছে পৃথিৱীৰ প্রান্তে প্রান্তে, থৰহৰি কম্পামান জনতাৰ বুকু মৃত্যু এনেকৈয়ে আহেনে বাৰু? ৰুদ্ধ প্ৰগতিৰ দুৱাৰ স্তব্ধ আশাৰ জোৱাৰ, জীয়াই থকাৰ তাড়নাত দশোদিশে মাথোঁ হাহাকাৰ প্ৰতিনিয়ত আৰু কিমান চাবা মানৱজাতিৰ সংহাৰ¡ সময়ো যে আজি ধুৱলী-কুঁৱলী হে ঈশ্বৰ, চোৱা চকু মেলি, অসহায় আমি দূৰ কৰা মহামাৰী।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
