যাত্ৰা...
: ৰাধা যেন দোষী আছিল! : হম্, হয়টো কোনোবাখিনীত। : কিন্তু দোষৰ যে প্ৰায়চিত্তও আছিল যাদৱ!! : সকলো দোষৰ প্ৰায়চিত্ত নাথাকে সুপ্ৰভা। : কিন্তু ৰাধা যেন উত্তৰবিহিনো নাছিল! : হয়তো কোনোবাখিনীত ৰৈ যাবলগীয়া হৈছিল ৰাধা...। দিগন্তমুখি এজাৰ পাহি আজুঁৰি আনি মনোকষ্ট দিয়াতকৈ আঁতৰৰ পৰা উপভোগ কৰাই শ্ৰেয়, এইয়া যেন মানি লবলৈ বাধ্য হৈছিল ৰাধা! : কিন্তু প্ৰেমৰ উৰ্মিমালাত দোঁ খাই পৰা ৰাধাই কেনেকৈ পৰিত্যাগ কৰিব পাৰিলে কানাইক? : পৰিত্যাগ নহয় সুপ্ৰভা...। ই যে অনন্ত প্ৰেমৰ উল্লাস বেদনা,নিজস্বতা আনৰ নিভাঁজ কোণত সঁপি দিয়া, সাটোৰঙী হেঁপাহক একগোট কৰি দূৰৈৰ পৰা উপভোগ কৰা এক জীৱন্ত অনুভৱ এয়া... : নিজকে অকলশৰীয়া কৰি?? : ভুল বুজিছা সুপ্ৰভা,, ৰাধা কানাইৰ পৰা কেতিয়াও বিৰত নহয়।অকলশৰীয়া তেওঁ সুপ্ৰভা,কাৰ প্ৰেম সীমাৰূদ্ধ।কিন্তু চোৱা কৃষ্ণ - ৰাধা তাৰ ব্যতিক্ৰম! ৰাধা - কৃষ্ণৰ অনন্ত প্ৰেমে দেখুৱাই যাই জগতক ইয়াৰ গভীৰতা কিমান নিভাজ আৰু নিৰ্লিপ্ত। : মোৰ অনুভৱ হয় ,কানায়ে ভুল কৰিলে যাদৱ! : প্ৰেমৰ কোনখিনিত সুপ্ৰভা? : প্ৰেমৰ নহয় যাদৱ,বোধহয় মানৱতাত। : মানৱতাত? : হম্। : কেনেকৈ? : যৌৱনোজ্জল ৰাধাক প্ৰেয়সী ৰূপতে ৰাখি,পত্নিৰূপে স্বীকাৰ নকৰি,ৰাধাৰ অস্তিত্বক আঁকোৱালি নললে কানায়ে। : এইয়া বিধাতাৰ বিধান সুপ্ৰভা।
Poetry Books 50% Off
Bestselling collections from top poets
