যাত্ৰা
আজি যাওঁ গৈ বলক বহু দূৰলৈ কোনেও নেদেখা এক অজান দেশলৈ বুলি । যান্ত্ৰিকতাৰ এই পৃথিবীৰ পৰা আজি যাওঁ গৈ বলক বহু দূৰলৈ যত থাকিব মাথোঁ সেউজীয়া গছে বনে ভৰা এক নিতাল পৃথিৱী মাজে মাজে চৰাইৰ কুৰুলি আৰু ফিৰ-ফিৰিয়া বতাহ জাক । আপোনাৰ ভাগৰ লাগিব নে কি এই যাত্ৰাত ? আপুনি ভয় খাব নে কি সন্মুখত কেতিয়াবা বিপদ দেখি ? একো নাই দিয়ক ভাবিব নালাগে আপুনি ভাগৰ লাগিলে মোৰ কোলাতেই মূৰ থৈ ক্ষন্তেক জিৰণি লব আপোনাৰ ভয় লাগিলে জোনাক ভৰা আকাশৰ তলত মোৰ বুকুতেই মূৰ থৈ শুই যাব দিয়ক । ভয় লাগে জানে এই যান্ত্ৰিকতাৰ মাজত কেতিয়াবা আপুনি হেৰাই যাব বুলি ! সেইবাবেই লৈ যাম আজি আপোনাক এই যান্ত্ৰিকতাৰ পৰা বহু দূৰলৈ.. যত অনুভৱ কৰিব পাৰিম দুয়ো দুয়োৰে নিৰ্ভেজাল মৰমবোৰ যত আপোনাৰ নীৰৱতাখিনিক জোকাৰি দি মই দিম এবুকু ব্যাকুল অনুভূতি । আজি যাওঁ গৈ বলক বহু দূৰলৈ কোনেও নেদেখা এক অজান দেশলৈ ।।
Poetry Books 50% Off
Bestselling collections from top poets
