নিলামী .....
মোৰ বিশ্বাসবোৰ ৰ ৰাজহুৱা বলাৎকাৰ......... তোমাৰ পেছা আছিল নে নিছা ? শিচৰিত তেজ ৰ গোটাল বোৰেও তুলিকাৰে সজায় তোমাৰ অত্যাচাৰী অৱয়ব । মোৰ ভালপোৱা বোৰ ৰ শ্মশান ঘাট ত বিদায় তোমাৰ স্বভাৱ আছিল নে তোমাৰ প্ৰভাৱ ........ মোৰ নিজান ৰ টুকুৰা বোৰ তুমি পাইকাৰী হাৰত এৰি দিবা বুলি জনাই থোৱা হলে, মই আজিও বেৰোজগাৰী দুনিয়া তে থাকিলোঁহৈ । মোৰ লিখনি ত তুমি নায়িকা হোৱাৰ আশংকাত মোৰ কলম এ চিয়াঁহী উকা হৈয়ে পৰি আছিল মধু লগন ত একপলক দেখা দি মোৰ কলম ৰ চিয়াঁহীবোৰৰ শ্বেতৰক্ত কণিকা বোৰ তেজাল গাভৰু হল হুমুনিয়াহ বোৰ সমীৰণ ত হেৰাই গল উপবন বোৰ মৰীচিকাই শিপালে ভালপোৱা চকুহালিত এতিয়া মোৰ ভালপোৱাৰ অত্যহাচ্য হয় আৰু কিমান টুকুৰিয়াবা তুমি প্ৰৱঞ্চনা ৰ দুৱাৰ আৰু কিমান ক্ষেপিয়াবা মোৰ কলিজা ত যন্ত্ৰনা ৰ সাগৰ খনি ত ডুবিছিলো কাহানিবাই মাথো তোমাৰ আনুগত্য ত অভ্যৰ্থিত হব হে খুজিছিলো ........ গভীৰ ৰাতিৰ ঝিৰি ঝিৰি নামি অহা বলয়া বতাহ জাকে ... আজিও শেৱালি সনা আলিংগন যাছিব খোজে মোৰ ভয় লাগে ... ভয় লাগে তুমি মোৰ স্মৃতিবোৰো অশ্লীল নিলামি ত উতনুৱাই দিবা বুলি মোৰ বিশ্বাসবোৰ ৰ নিচিনাকৈ
Poetry Books 50% Off
Bestselling collections from top poets
