প্ৰতিবন্ধকতা
পৃথিৱীৰ ৰং কি মই নাজানো, ৰঙৰ ভিন্নতা মই নিচিনো। জন্ম হৈয়েই যে মই আন্ধাৰ সাবটিলো, আন্ধাৰৰ বুকুতেই ভাগ্যলিপি লিখিলোঁ। মোৰ এন্ধাৰ বাটত মৰম, সাহস, প্ৰেৰণা হৈ যেতিয়া থিয় দিয়ে আপুনি, বিশ্বাস কৰক! তাতেই পাওঁ মই এমুঠি পোহৰ বিচাৰি। সেই পোহৰ ধিয়াই খুপি খুপি যাওঁ আগুৱাই, ডাৱৰৰ সিপাৰে সোণসেৰীয়া এটি সপোনে মোলৈ আছে যে বাট চাই। হ'ব পাৰোঁ মই অসুন্দৰ কিম্বা দৃষ্টিহীন, তথাপি নহও যে মই কৰ্মহীন, কদাপি নকৰিব মোক পুতৌ কিম্বা ঘিণ যুঁজি আছো, যুঁজি যাম চিৰদিন ঈশ্বৰৰ ইচ্ছাতেই এদিন মাটিৰ বুকুত হ'ম বিলীন।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
