মই আৰু শ্বিনচিন...🥀।
এখোজ কুমকুমৰ দেশত মই আৰু শ্বিনচিন...। নিভাঁজ সন্ধিয়াৰ আলহী আমি। পশ্চিম আকাশত বিদায় মাগি, আন্ধাৰ সিক্ত আচল টানি, ৰাংঢালী সুৰুজে হাঁহে প্ৰেয়সীক বুকুত বান্ধি। ৰক্তাক্ত এজাৰৰ তলত বহি, সিঁচি দিও প্ৰাণ চঞ্চল এমুঠি হাঁহি, কৈ যাওঁ বহু কথা গুপ্তবিহীন এহেজাৰ সলিলৰাশি...। আকৌ এখোজ কুমকুমৰ দেশত মই আৰু শ্বিনচিন। হেঙুলিপুৱাৰ আলহী আমি! পূৱ আকাশত ৰিঙিয়াই যাই, ওৰণি গুচাই মিচিকিয়াই, পাহাৰৰ আঁৰত লুকাই থকা লাজুকী সুৰুজমুখী তাই...। আহিনৰ আলি কেঁকুৰিৰ বকুল তলত বহি, আঘোণৰ বতৰা শুনি, চাই ৰঁও, বা বলা আহিনৰ কেঁচা ধাননি। এটি কলি দুটি পাত, পৰাণ জুৰাই যোৱা সৰাপাত, মধুলগনৰ প্ৰতিক্ষণত হেৰাই যোৱা আবেগৰ বহু মিঠা মাত। সংগী বিহীন হৈয়ো কোনোবা যেন কাষত, ভয়াৰ্ত হৈয়ো যেন ধৰে মোৰ হাতত, স্পন্দনৰ ৰুদ্ধ গতিক বোৱাই নিয়ে শান্ত কৰি মোৰ প্ৰাণত। নিশ্চল জীৱনৰ সংগী আমি... কেতিয়াবা দৈয়াংগত, কেতিয়াবা দিচাঙত, দুহাতৰ পৰশত সাঁজো সপোনৰ বালিঘৰ। নাৱৰ বঠাত ধৰি, লাবণ্য সোৱণশিৰিত সৌৱা,, মই আৰু শ্বিনচিন। – পংখী🍃 : ০৭.০৫.২০২৫
Poetry Books 50% Off
Bestselling collections from top poets
