সিদ্ধান্তবোৰ ভুল হ'ল
সিদ্ধান্তবোৰ ভুল হ'ল সেয়ে সময়ৰ লগত খোজবোৰো নিমিলা হ'ল জীৱন বাটত বৰকৈ আউল লাগি গ'ল, সিদ্ধান্তবোৰ ভুল হ'ল উভতি গৈ শুধৰাই দিয়াৰ আঁতডালও হেৰাই গ'ল কাকনো ক'ম ? কোনেনো বুজিব ? পুতৌ কৰা কথাবোৰে কুৰুকি কুৰুকি কামুৰিব শেষ আশাকণ খামুচি ৰখাৰ শক্তিখিনিও কাঢ়ি নিব, সিদ্ধান্তবোৰ ভুল হ'ল প্ৰত্যাহ্বানবোৰক গ্ৰহণ কৰাৰ শক্তি সামৰ্থখিনিও নোহোৱা হ'ল সিদ্ধান্তবোৰ সঁচাকৈয়ে ভুলহৈ গ'ল, সময়ৰ সোঁতত বয়সও বেগাই গ'ল বছৰৰ পাছত বছৰ প্ৰাপ্তিৰ প্রত্যাশাৰে ৰৈ থকা মানুহহালৰ আশা আৰু বিশ্বাস ভৰা চকুযুৰিও নিস্তেজ হৈ গ'ল ক্ৰমশঃ এতিয়া চৌপাশৰ গুৰুত্ববোৰও কমি গ'ল সিদ্ধান্তবোৰ ভুল হ'ল, বুকু ভৰাই ৰচা সপোনবোৰে এতিয়া বাস্তৱ নোহোৱাৰ পীড়াত উশাহবোৰ হেঁচি ধৰা হ'ল, দিন ৰাতি একেই হ'ল নিদ্ৰাহীন সময়বোৰ পাৰাপাৰ নোহোৱা হ'ল সিদ্ধান্তবোৰ যে ভুল হ'ল, চৌপাশৰ সৌন্দৰ্যবোৰ ৰঙহীন যেন লগা হ'ল । ভুলতে ভুল হ'ল সিদ্ধান্তবোৰ একেবাৰেই ভুল হৈ গ'ল । ~ দীপক বৰা
Poetry Books 50% Off
Bestselling collections from top poets
