ডাষ্টবিন
তুমি পেলাই ভাল পোৱা মই চাগে বুটলি ভাল পাও সেয়েহে আজি ডাষ্টবিন মই তোমাৰ ঠিকনা ৰ ..... ভাল পোৱাৰ শালি কঠিয়া সিচিম প্ৰতিশ্ৰুতি আছিল তুমি মোৰ বুকু চহাল কৰি আজি বুকুৰ পথাৰ ত প্ৰতাৰণা ৰ বিজ শিপালা.. । তুমি অভিনেত্ৰী ...নিদাৰুণ বেকগ্ৰাউন্দ কিন্তু মই তো নিৰৱ দৰ্শক নাছিলো তোমাৰ অভিনয় ত হাত তালি বজাবলৈ এয়া তো মঞ্চ নাছিল মোৰ জীৱন নাট ৰ তোমাৰ প্ৰয়োজন ত তুমি মোৰ বীৰ্য্য ত্যাগ ৰ আধাৰথলী আছিলা তোমাৰ প্ৰয়োজন ত তুমি মোৰ বুকুত শাব্দিক কবিতা লিখিছিলা এতিয়া তোমাৰ অ -প্ৰয়োজন ত আজি মই তোমাৰ ডাষ্টবিন হৈ পৰিলো তুমি মোৰ ভাল পোৱা বোৰ বাৰে বাৰে ব্যৱহাৰ কৰা আৰু বাৰে বাৰে ডাষ্টবিন ত পেলোৱা সৰাপাত ৰ তেজ আকি মোৰ সেন্দূৰী আকিম কৈ আজি মোৰ তেজৰ ৰঙো উকা কৰি গলা তুমি জানা,মই হীনমন্যতা ৰ আলিংগনাবদ্ব তুমি জানা,মোৰ সপোন বোৰে আলিবাট হেৰাইছে মাথোঁন বিশ্বাস পুহি ৰাখিছিলোঁ তোমাৰ হাত ত এৰিবলৈ আৰু সেই হাতেৰে তুমি মোৰ জীৱন্ত চিতা জ্বলালা সবল নিলাম কৰিলা তুমি মোৰ ভালপোৱা বোৰ ৰ পাইকাৰী হাৰত এৰি দিলা মোৰ বিশ্বাস আৰু স্মৃতি হিচাপে গলা তোমাৰ অভিনয় বোৰ যেন মই তোমাৰ বেৰোজগাৰী ডাষ্টবিন মাথোঁন ।
Poetry Books 50% Off
Bestselling collections from top poets
