*মই সলনি হ'লো*
জানোচা তুমি আহিবা বুলি নাথাকোঁ আৰু ৰৈ নিৰ্জন আবেলি নিঃসংগ নদীৰ ঘাটত নিৰন্তৰে অপেক্ষাৰ ক্ষণ গণি। বিধ্বস্ত সময়ৰ ছবি গুপুতে বুকুত সামৰি বিষণ্ণতাৰ কোলাত নলওঁ জিৰণি। সুখৰ বাট দুখৰ ধূলিৰে ধূসৰিত কৰিবলৈ অজানিতে এজাক ধুমুহা আহিছিল মোৰ জীৱনলৈ দিগ্বিদিক হেৰুৱাই তেতিয়া মাথোঁ বোৱাইছিলোঁ মই চকুলোৰ নৈ। মমৰ দৰে নহয় শিলৰ দৰেই এতিয়া কঠোৰ মই প্ৰতাৰণাৰ আঘাতত, দুখৰ আঁচোৰত শিকিলোঁ সংগ্ৰাম কৰিবলৈ জীৱনৰ কাঁইটীয়া দলিচাত খোজ থবলৈ কাহানিও নকৰোঁ ভয়। মেলি দিছোঁ আশাৰ পানচৈ সম্ভাৱনাৰ শুকুলা ঘোঁৰা চেঁকুৰিছে মাথোঁ আগলৈ জীৱনৰ পণ এৰি এপলকো নাচাওঁ পিছলৈ।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
