#ভোক
ভোকে কান্দে তাইৰ উৰুখা পঁজাত ভোকক নিচুকাই সি নিষিদ্ধ কোঠাত, ভোকে হাঁহে ডাষ্টবিনৰ কোলাত ভোকক সামৰিবলৈ উথপথপ যাযাবৰ অকণিৰ দুহাত! ভোকত হেৰুৱাই তেওঁ সততাৰ আঁত লুণ্ঠন, হিংসা, দুৰ্নীতিৰে ওপচে তেওঁৰ বাট,, ভোকে সুহুৰিয়াই সপোনৰ চুড়াত ভোকাতুৰ সপোনক চুমিবলৈ পাৰ হওঁ কত বাৰ ব্যৰ্থতাৰ তামসী ঘাট! ভোক মানেইতো নহয় পেটৰ ক্ষুধা নহ'লেনো নিতৌ হোৱানে তুমি ধৰ্ষিতা? ভোকৰ কি জানো পৰিভাষা দোপত-দোপে বাঢ়েচোন ঘাটক হোৱাৰ লালসা! ভোকবোৰ হওক প্ৰভাতী বন্দনা সত্যসন্ধ হওক সর্বদা ভোক পিয়াসী যাত্ৰা, ভোকত উজলি উঠক মানৱীয় চেতনা গঢ়ি উঠক সমন্বয়ৰ সেঁতু নজহা-নপমা!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
