তই নহবি দূৰ
জ্বলি আছে আজিও নিভাঁজ মৰমৰ চাকি বাজি আছে সোণালী সময়ৰ জুৰণিয়া বাঁহী, হিয়াৰ কোঁহে কোঁহে মোৰ তই নহবি দূৰ। জীৱনৰ প্ৰতিটো ঢাপত বিচাৰো আজিও তোক নিচেই কাষত, যদিও সলনি হ'ল ঠিকনা তোৰ নাপাহৰিবি ধূলিৰে ওমলা দিনৰ ৰঙীণ ছবিবোৰ। দিন, মাহ বাগৰি বছৰ পাৰে হয় তই বিনে হেঁপাহৰ বিহুটিও উৰুঙা হৈয়ে ৰয়, আঁটি-আঁটি পিন্ধিলেও যান্ত্ৰিকতাৰ পোছাকযোৰ মনৰ পৰা নমচিবি নিষ্কলুষ সম্বন্ধৰ সেউজীয়াবোৰ। নিলগাই থ খং, অভিমানৰ টোপোলাটি তোৰ ভগ্ন পঁজাতো ৰচিব পাৰি জীৱনৰ গীত মধুৰ, তয়েইতো মোৰ ভাললগা, ভালপোৱা, হাঁহি আৰু সাহৰ নুৰ তই নহবি দূৰ!
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
