সুৰৰ স্ৰষ্টা জুবিন গাৰ্গ
তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠে যেন সময়ৰ স্পন্দন, প্ৰতিটো তৰংগত ফুটি উঠে বুকুৰ নিভৃত ক্ৰন্দন। তেওঁ কেৱল গায়ক নহয়, এক বিৰল অনুভৱ, যাৰ সুৰেৰে জাতিৰ হৃদয়ে পায় নৱ প্ৰতিশ্ৰুতিৰ সম্ভৱ। জনতাৰ শিল্পী, যাৰ নামত নাই কোনো অভিমানৰ ৰেখা, সকলো শ্ৰেণীৰ মাজত তেওঁৰ সহজ উপস্থিতি দেখা। আধুনিকতাৰ স্পৰ্শ দিওঁতে তেওঁ পাহৰা নাছিল মূল, লোক-সংগীতৰ সুবাসেৰে তেওঁ ৰচিলে অজস্ৰ ফুল। তেওঁৰ গীতত আছে ব্যক্তিগত বিষাদৰ গভীৰতা, আৰু প্ৰতিবাদৰ তীক্ষ্ণতা, সমাজৰ প্ৰতি দায়বদ্ধতা। কেৱল প্ৰেমৰ গান নহয়, তেওঁৰ সুৰত জাতীয় চেতনাৰ আহ্বান, যিয়ে শংকিত মনকো যোগায় সাহস আৰু শক্তি। 'যা আলী' ৰ বিশ্বজয়ী সুৰৰ পৰা 'অনামিকা' ৰ প্ৰেমৰ বতৰা, তেওঁৰ সৃষ্টিৰ ফলকত যেন যুগ যুগ ধৰি বৈছে সুৰৰ নৈ। তেওঁৰ 'জাজাবৰ' আত্মাই পৰিভ্ৰমণ কৰে প্ৰতিটো মনৰ দুৱাৰে, প্ৰতিটো প্ৰজন্মক তেওঁ বান্ধি থৈ গ'ল তেওঁৰ অতুলনীয় যাদুৰে। তেওঁ এটি যুগ, এটি প্ৰৱাহ, যি ৰৈ নাথাকে কোনো সীমাৰেখাত, যাৰ প্ৰতিভাৰ জ্যোতি সদায় উজ্জ্বল হৈ ৰ'ব অসমী আইৰ আকাশত। তেওঁ সুৰৰ স্ৰষ্টা, চিৰদিন তেওঁৰ কীৰ্তি অক্ষয় হ'ব, তেওঁৰ সুৰৰ ধ্বনিয়ে আমাক সদায় প্ৰেৰণা যোগাব l
Poetry Books 50% Off
Bestselling collections from top poets
