দাপোণ
দাপোণ তই শুদ্ধ দাপোণ তই স্বচ্ছ, দাপোণ তই জীৱন্ত। যদিও ঠুনুকা তই তোৰ প্ৰয়োজন কাহানিও শেষ নহয়, তোক সাক্ষী কৰিয়েই জীৱন নাটৰ ভিন্ন আখৰা হয়! প্ৰতিভাত হয় ভিন্নজনৰ ভিন্ন ছবি তোৰ সমুখত নিজকে উদঙাবলৈ নকৰে কৃপণালি, গুপুতে সামৰি ৰাখিব জান যে তই প্ৰত্যেকৰে সুখ-দুখ কিম্বা সঁচা-মিছাৰ পাণ্ডুলিপি। কেতিয়াবা আকৌ ভয় হয় নিজকে জুমি চাবলৈ দাপোণত কিজানিবা হাঁহিয়াতৰ পাত্ৰ হওঁ নিজেই নিজৰ ওচৰত, তই যে নিখুঁত, নোৱাৰি লুকুৱাব প্ৰকৃত স্বৰূপ তোৰ চিৰন্তন চক্ষুত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
