অতিক্ৰমৰ বিষাদ
তৃষ্ণাত এটুপি পানী অমৃতৰ ধাৰা, কিন্তু প্লাৱন হ'লে সি যে সৰ্বহাৰা। যি জুইত সিজে ভোকৰ অন্নৰ মুঠি, সেই জুইয়েই হাহাকাৰ আনে ঘৰ-দুৱাৰ পুৰি। প্ৰয়োজনৰ জোখত সৱেই সুন্দৰ, বেছি হ'লেই বাঢ়ে বিষাদৰ অন্তৰ। মৰমৰ সাগৰত যদি নাথাকে কোনো পাৰ, সেই মৰমেই হৈ পৰে পোহনীয়া কাৰাগাৰ। বেছি মিঠাতো থাকে তিতাৰেই ভয়, অধিক সাহসো কেতিয়াবা বিনাশৰ জয়। শব্দৰ জুইকুৰা যদি সীমা চেৰাই যায়, মৌ সনা কথাটোও হলাহল যেন পায়। সেয়ে হেৰা পথিক, জীৱনত চলা তুমি মাথোঁ প্রয়োজনৰ সঠিক পথত। যিমান লাগে সিমানতে হওক সন্তুষ্টিৰ মেলা, অধিকৰ লোভত যেন হেৰাই নাযায় জীৱন খেলা। মনত ৰাখিবা সদায়- প্ৰকৃতিৰ অলংঘ্য নিয়ম, প্রয়োজনতকৈ বেছি সকলোৱেই হয় বিষৰ সম।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
