এদল পশুৰ জন্ম হ'ল
এদল পশুৰ জন্ম হ'ল! জ্বলাই দিয়া হ'ল কাৰোবাৰ মৰণা মাৰিবলৈ গোটোৱা ধানখেতি! গুড়িতে কাটি দিয়া হ'ল আকৌ আন ক'ৰবাত ফল লাগিব লোৱা জাতিলাওঁ অথবা অমিতা খেতি..! এদল দানৱৰ জন্ম হ'ল...! উচ্ছেদৰ নামত কত খেতিয়কৰ কামিহাড় ভাঙিল তামোলৰ বাৰীত উচ্ছেদ, বিক্ৰী বাবে উলিয়াবলৈ হৈছিল হে সেই লাওঁবোৰত চলে বুলডজাৰ কাৰোবাৰ আলুৰ খেতি ৰাজপথত গাড়ীৰ চেপাত এতিয়া এফালৰ পৰা শেষ কৰি গৈ আছে মানৱতা, স্বাধীনতা , আত্মনিৰ্ভৰশীলতাৰ চেষ্টাক..! ক'ৰবাত ছাগলী খেতিত দিয়া হ'ল বিষ....! এদল নৰপিশাচৰ জন্ম হ'ল! আধুনিকতাৰ সমাজত য'ত পৃথিৱীৰ মাজত অসমক উজ্জ্বল কৰা অৰণ্যখনকো নেৰিলে সিহঁতে শুদাই... নেৰিলে অসমৰ ভোটা তৰা নামেই যাৰ পৰিচয় জুবিন গাৰ্গকো ! এদল নৰকাসুৰ বকাসুৰ অথবা মহিশাসুৰৰ জন্ম হ'ল ৰামৰাজ্যখনত! নৰসিংহৰ অৱতাৰ প্ৰয়োজন বৰ্তমান...! এই হেন হিৰণ্যকশিপু সকলক বধিবলৈ! মা কামাখ্যাৰ ৰাজ্যত অসুৰৰ আসুৰিক তৃপ্তি যেন দিনক দিনে বৃদ্ধি হৈ পৰিছে! এদল পশুৰ জন্ম হ'ল ! (বি:দ্ৰ-- বৰ্তমান সময়ৰ অসমৰ পৰিৱেশ পৰিস্থিতি দেখি মনলৈ অহা এক অনুভৱ) ইপ্সীতা শৰ্মা
Poetry Books 50% Off
Bestselling collections from top poets
