আহিনৰ আগমনত
সাৰ পালে শৰতে আহিনৰ লয়লাসে শৰালি উৰিল জাকে জাকে শৰতৰ বাতৰি বিলাবলে, শেৱালি ফুলিল দশোদিশে সুগন্ধি ছটিয়াবলে নিয়ৰকণা সৰিল দূবৰিৰ দলিচাত শেৱালিৰ স'তে পুলক জগাই প্ৰাণে প্ৰাণে। আলফুল কঁহুৱাৰ আৱাহনে থৌকিবাথৌ লগালে সেউজীয়া মনতে আকাশে-বতাহে, গছে-বনে, ফুলে-পাতে শুভ্ৰতাই অমিয়া গীত জুৰিলে, শুভ্ৰ বসন পিন্ধি নয়নাভিৰাম দৃষ্টিৰে অনুভৱৰ চোতালত জোনাক নিশা নিগৰিল ভিন্নমূখী কবিতা শতজনৰ কাপেৰে। হিমচেচাঁ বতাহজাকে ক'লেহি কাণে কাণে ৰঙে-ৰসে জীপাল হ'বলৈ সাজু হোৱা হেঁপাহৰ দুৰ্গোৎসৱলে, আহিনৰ আগমনত, শাৰদীয় সুকোমল পৰশত পথাৰৰ গেঁৰ ধৰা শ্যামলী শইচে কৃষাণৰ বুকুত সোণোৱালী আশাৰ এগছি বন্তি জ্বলালে।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
