সৃষ্টিৰ সঁফুৰাত মোৰ আকাশ
মলয়াই দি যায় ,নিৰ্জন প্ৰাণৰ সুৰ ঊষাৰ কিৰণত ধুই লওঁ ,গীতৰ ভাষা নিশ্বাস মোৰ ,প্ৰেমৰ মূৰ্চ্চনা কেতিয়াও চিঞৰা নাই .. আশা কলিজাৰ শিঞ্জিত অনুৰাগ তেজত নিৰবধি বুৰবুৰণি........ নিৰলস চেষ্টা, আবেগৰ বৰষুণত জুৰুলি-জুপুৰি স্বপ্নভৰা চকুলো, ৰুদ্ধ দুৱাৰত হিয়া ঢাকুৰি কান্দে শব্দহীন ভাৱনাবোৰে পিয়লাত উঁৱলি যোৱা ওঁঠ তিয়াই, বিচাৰি ফুৰোঁ শ্মশানত উৰিফুৰা ,বিষাক্ত কাঁইটৰ মাজত মৰা শিল আন্ধাৰত মোক বুজি পোৱা, মোৰ উকা দুহাতত বুকু শূন্য শব্দহীন আশাৰ মাজত, টুপ্ টুপ্ নিয়ৰৰ শব্দ ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
