আমাৰে ভুল হয়!
আমাৰে ভুল হয়! হয়! হয়! আমাৰে ভুল হয়! ক'বলৈ সহজ, বুজিবলৈ সৰল কিন্তু স্বীকাৰ কৰিবলৈ কঠিন যে আমাৰে ভুল হয়! কেতিয়াবা অজানিতে ভুল হয় কেতিয়াবা জানি বুজিও ভুল হয় আমাৰ সিদ্ধান্ত, আমাৰে পৰিচয় আমাৰ আক্ৰোহ, আমাৰে পৰিচয় আমাৰ জিদ, আমাৰে পৰিচয় সেয়ে আমি অজ্ঞানী হয়, যধামূৰ্খ হয়। ভৱিষ্যতলৈ চিন্তা নকৰি, ডাঙৰৰ কথা নুশুনি কেতিয়াবা অজানিতে ভুল হয় কেতিয়াবা জানি বুজিও ভুল হয় সেয়ে আমি অজ্ঞানী হয়, যধামূৰ্খ হয়। ভদ্ৰতাৰ মুখা পিন্ধা সভ্য সমাজৰ মাজত আমি একোটা বান্দৰ হয়, জ্ঞান থাকিও অজ্ঞানতাৰ এন্ধাৰৰ মাজত থাকি ভাল পোৱা এবিধ প্ৰাণী। আজি বোধ হয় যে কিয় ছাৰে কয়- "মানুহত কৈ, সমাজত কৈ, প্ৰকৃতি আৰু তাৰ প্ৰাণীবোৰ হে বিশ্বাসী,মোৰ প্ৰিয়! পোহৰত কৈ এন্ধাৰত হে মই শান্তি বিচাৰি পাওঁ।" হয়! হয়! আমাৰে ভুল হয়!
Poetry Books 50% Off
Bestselling collections from top poets
