ব'হাগৰ বৰষুণ এয়া
নীলিম আকাশত ডাৱৰৰ খেলা টোপাটোপে সৰিছে বৃষ্টিকণা, ব'হাগৰ বৰষুণ এয়া সেউজী শোভাৰে জিলিকিছে ধৰা। শত ফুলে হাঁহিছে বিলাই সুবাস কৃষাণৰ প্ৰাণত নতুন উলাহ, ব'হাগৰ বৰষুণ এয়া নাঙলৰ সীৰলুত থাপিত সপোনে মেলিব পোখা। ৰিমঝিম বৰষুণৰ পৰশ পাই ৰঙে-ৰসে জীপাল হ'ল প্ৰকৃতি দুনাই, পিছে সময়ৰ শুভ্ৰ হাঁহি থিতাতে যে গ'ল হেৰাই এজাক ৰুগ্ন বতাহে আজিও আছে পৃথিৱী কঁপাই। সৃষ্টিকামী ব'হাগৰ বৰষুণ এয়া কৰিছোঁ সুদিনৰ প্ৰত্যাশা, শেষ হ'ব মৃত্যুৰ বিভীষিকা উভালি মহামাৰীৰ বট-বৃক্ষজোপা নতুন দিগন্তৰ এদিন হ'বই সূচনা।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
