দোমোজা হিয়াৰ ভাষা...
আহিনৰ দোমোজাত পৰি কপৌহালে সোণাৰু জোপাৰ তলতে ভাষা হিন গীত আউৰাবলৈ ধৰিছিল: "অ' আকাশ ক'তে নো হেৰালে মোৰ..." মইও বিপাঙত পৰিলো! অনাখৰী গীতৰ মাজত,, বিচাৰিব ধৰিলোঁ সপোন পাৰৰ নাৱৰ বৈঠা... একাকিত্ত্বৰ পৰা আজুৰি আনিব ধৰোতেই থমকি ৰলোঁ... নাজানিলোঁ ৰহস্য!! হৃদয়ত জোকাৰণি তুলি গ'ল বুজা নাই,, বুজা নাই এই শিহৰণ... বুজাৰ ধৃষ্টতাও নাই মোৰ। কিন্তু আকলুৱা মনে জানো মানিব? ওঁহো কেতিয়াও নামানে! মৰহা দালৰ কপৌ যুৰীয়েও লাজৰ উৰণি টানি লয়, আৰু মই জানো ৰৈ থাকিব পাৰোঁ? মৌভৰা ওঁঠৰ দাঁতিতে লাগি ৰ'ল লাজটো... — পংখী🍃
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
