মদৰ আড্ডা
ঘড়ীটো টিক টিক কৰি সময় ওচৰ চাপিছে এটা সোণালী সময় পাৰ কৰিছো ৰঙা পানী ভাল পোৱা সকলৰ সমাৱেশ য’ত হৃদয়বোৰ একত্ৰিত হয় নাচিবলৈ, হাঁহিবলৈ সুখৰ ভাগ বতৰা কৰিবলৈ । গৰম বতাহৰ মাজেৰে সংগীতৰ গুঞ্জন জুবিনৰ পুৰনি গীত আনন্দৰ পোহৰ আৰু গাহৰি খোৱাৰ মাজতে সুখ দুখৰ হাঁহি ৰঙা পানী শোভা পায় ওঁঠত টেবুলৰ চাৰিওফালে উন্মোচিত হয় প্ৰতিজনৰ কাহিনী অতীতৰ প্ৰেম, ভৱিষ্যতৰ সপোন আগন্তুক বছৰলৈ গ্লাছ ভৰ্তি চুমা হৃদয়ত হাজাৰ সপোন উদয় হয় গতিকে স্মৃতিৰ মদ ঢালি দিয়ক নতুন বছৰ আহিব সকলো সুখৰ দিন কটাওক ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
