তই থকাহেতেন---
তই— মাটিৰ কণা? নে সুৰ্যৰ ছাঁ? তোৰ নাম উচ্চাৰণতও যে জোনাক মিচিকিয়ায়। কিয় ? মোৰ অভাৱত তই নিশ্চুপ, যেন হ্ৰদয়ৰ ওপৰত মাটিৰ এক স্তৰ— জানোচা শীতল, কিন্তু অচল !!! তই থাকিলে— মৰমো তোৰ আগত হাঁহি পঢ়িলহেঁতেন, সুখৰো চকুত লাজৰ নীৰ নামিলহেঁতেন। তই হʼলিহেতেন মোৰ অগোচৰ ৰহস্য, যি ৰাতি পোহৰ হৈ মোৰ বুকুত থমকি থাকে। তই থাকিলে— সুখো মোৰ পৰা বিষাদ শিকিলহেঁতেন, প্ৰেমো ঈশ্বৰ হ'লহেঁতেন। তই হʼলি হেঁতেন এক বিষ, যাক খাইও মই জীৱন অনুভৱ কৰিলোহেঁতেন । কিন্তু তই এতিয়া উভতি নহাৰ বাটত, মোৰ আঁচলত শূন্যতাৰ আকৰ । তই থাকিলে কি হ'লহেঁতেন, জীৱনে হয়তো নিজে কবিতা লিখিলহেঁতেন।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
