তুমি নতুন প্ৰভাত
✍️মুনু নাথ পুৰণি ধূলি মচি নতুন প্ৰভাতেৰে নামি আহিল নৱবৰ্ষৰ নতুন সুৰুজ ........ নিয়ৰৰ আচলেৰে ঢাকি ৰখা দুবৰী দলিছাৰে আদৰিছোঁ ধৰালৈ। আশাৰ পোহৰেৰে নজ্বলা চাকিটি জ্বালাবাহি তুমি আহি ............. নিয়ৰ সনা এই পুৱাই স্বাগতম স্বাগতম তোমাক ।।। আপোন হৈ ৰবা পুৰণি বন্ধু বিদায় তো তোমাক দিব মনে নাই । এটি নম্বৰ হে মাথোঁ তুমি জীৱন ৰেখা আহিবা পুনৰ কোনোবা এটা ফাগুনৰ নহলে ভৰ বাৰিষা । ৰাঙলী পলাশ ফুলিব ক্ষন্তেক পাছতে নতুনেও বিলাব জীৱনৰ সঠিক পথৰ সন্ধান আকৌ তোমাক হিয়াভৰা স্বাগতম পুৰণি নাযাবা পাহৰি তুমি থকা সময়বোৰকে স্মৃতি হিচাপে লৈ আগুৱাই যাম জীৱন গতি পথত ......। পুৰণি বন্ধু তুমি কুশলে থকা নতুন তুমি আশা জুন হোৱা...........।
Poetry Books 50% Off
Bestselling collections from top poets
