প্ৰতিচ্ছবি
নিশাৰ এন্ধাৰত মোৰ কোঠালীৰ কেনভাছত দেখোন আজিও দেখা পাও আপোনাৰ প্ৰতিচ্ছবি বহুদিনেই হৈছিল আপোনাক দেখা নোপোৱাৰ, আপোনাৰ সতে কথা নপতাৰ। কিন্তু কিয় জানো মোৰ কোঠালীৰ কেনভাছত আজিও দেখা পাও আপোনাৰ প্ৰতিচ্ছবি ! মই যে আপোনাক কৈছিলো মোৰ কোঠালীৰ খিৰিকিৰ কাষেত এটি সৰুকৈ বিন্ধা ৰাখিছোঁ নিশাৰ আকাশখন চাবলৈ_ মনত আছে জানো আপোনাৰ ? আপোনাৰ মনত আছে নে ? মই যে কৈছিলো নিশাৰ আকাশখন চাই মই বৰ ভালপাও আপোনাক যে কৈছিলো মই নিশাৰ আকাশখন আপুনি আৰু তৰাবোৰ মই হৈ আপোনাৰ গাত ওলমি থাকো । আজিও আপোনাক বহু কথা কোৱাৰ হেপাহ জাগে মোৰ মনত আজিও নিজৰ মাজতেই বহু প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰো । নিশা উচপ খাই উঠো কেতিয়াবা মোৰ অন্ধকাৰ কোঠালীৰ কেনভাছত প্ৰতিচ্ছবি দেখা পায়। প্ৰতিচ্ছবি সাইলাখ একেই আপোনাৰ দৰে মেলি ৰখা দীঘল চুলিতাৰি, গুলপীয়া ওঠদুটি, দুচকুত কাজল আৰু মুখত এটি মিছিকিয়া হাঁহি । মোৰ মৰম ভালপোৱাবোৰ এতিয়া ও সেই একেদৰেই আছে নহলে জানো অন্ধকাৰ কোঠালীৰ কেনভাছত আজিও আপোনাৰ প্ৰতিচ্ছবি দেখো নে ? পাৰিলে উভতিব এবাৰ যোৱা বাটেৰে চাই যাব মুখখনি কিজানি বা হৃদয়ত মোৰ প্ৰতি থকা নিৰ্ভেজাল মৰমবোৰ আকৌ এবাৰ জাগি উঠেই ? বিশ্বাস কৰক নিশাৰ এন্ধাৰত মোৰ কোঠালীৰ কেনভাছত আজিও দেখা পাওঁ আপোনাৰ প্ৰতিচ্ছবি ।
Poetry Books 50% Off
Bestselling collections from top poets
