আকৌ লগ পাম ককাইদেউ
বিদায় বুলি নকওঁ ঘূৰ্ণীয়মান এই অস্থিৰ পৃথিৱীত হয়তো আকৌ লগ পাম আপোনাক । সাহিত্যৰ শব্দৰে জগত জিনিব বিচৰা পাগলা পাৰৰ প্ৰজ্ঞা সন্ধানী আপোন মহাবিদ্যালয় নলবাৰী কলেজৰ ভবিষ্যতৰ চিন্তাই জগাই ৰাখে তেখেতক দিনে-নিশাই । ভবিষ্যতৰ ভয়াবহতা আঁতৰাই আনন্দৰ জোৱাৰ আনিব বিচাৰে তেখেতে নৱপ্ৰজন্মৰ মাজত । যিজনৰ কথাই পৰিচয় দিয়ে অদম্য সাহসৰ যিজনৰ বক্ত্যবই পৰিচয় দিয়ে জ্ঞানৰ ভাণ্ডাৰৰ যিজনৰ মাতেই পৰিচয় দিয়ে উদাত্ত কণ্ঠৰ। আপোনাৰ মৰমে মুখত হাঁহি বিৰিঙাইছিলে আপোনাৰ শাসনে আগুৱাই যোৱাত সাহস দিছিলে । পাগলা পাৰৰ আপোন মহাবিদ্যালয়ৰ ৰূপালী তোৰণৰ বুকুত লিখা সোঁৱৰণীৰ শব্দত আজি চকুপানীৰ কবিতা । যদিও বা বিদায় কেতিয়া ও সুখৰ নহয় তথাপিওতো জনাবই লাগিব বিদায় হয়তো এয়াই বাস্তৱতা। বিদায় বুলি নকওঁ ঘূৰ্ণীয়মান এই অস্থিৰ পৃথিৱীত হয়তো আকৌ লগ পাম আপোনাক । বিদ্ৰ: নলবাৰী কলেজৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ দ্বীপজ্যোতি শৰ্মাৰ বাবে এই কবিতা । লিখিলে বহুতেই হব এইয়া মাথোঁ কিঞ্চিৎ মান অনুভৱ হে তেখেতৰ ব্যক্তিত্বতাৰ।
Poetry Books 50% Off
Bestselling collections from top poets
