তুমিও ...
*তুমিও....* ✍️ ঈশ্বৰ ঢাকাল তুমিও সলনি হৈ গলা পাহৰি সেই হেজাৰ সপোনৰ প্ৰতিশ্ৰুতি তুমিয়েতো কৈছিলা মোক মই নদী আৰু তুমি নদীৰ সুত বুলি দিছিলা প্ৰতিশ্ৰুতি জনম জনম একে হৈ থাকিম বুলি! তুমিতো জানিছিলা মোক মোৰ অভ্যাসক তথাপিও সকলো জানি বুজি তুমিও.... তুমি জানা তুমি যি চালনাৰে মোক মুগ্ধ কৰিছিলা মইতো তাক তোমাৰ অপাৰ ভালপোৱা বোলি ভাৱি লৈছিলোঁ পিছে সকলো আজি তুমি...... মইতো তোমাক কাহানিও কোৱা নাছিলোঁ মোক ইমান আপোন কৰিবলৈ তুমিয়েই মোক নতুন পথৰ সাৰথি হব বুলি তুলি আনিছিলা মোক মোৰ নামৰ পৃথিৱীৰ পৰা!! তেতিয়াতো তুমি দিছিলা হেজাৰ কথা!!!!!.... মনত পৰেনে তোমাক তোমাৰ সেই কথাবোৰ? মই জানো নপৰে মনত তোমাক সেই দিন কাহানিও কিয়নো তুমিতো সকলো চালনা কৰিছিলা, কোনো নথকাৰ বাবে মোক তোমাৰ লগৰী কৰি আৰু আজি নতুনক দেখি মোক....... অকলে এৰি নিজে অন্য আকাশত কৰিছা বিচৰণ!! তুমি তেতিয়াই সকলো কৈ দিয়াঁ হলে আজিৰ মই নহলো হয়, নাপালোঁ হৈ খ্যাতি পাগল প্ৰেমিক বুলি...! তোমাৰ সেই মিছা ভালপোৱাই জানা মোক ধুই থৈ গল কাহানিও উঠিব নোৱাৰাকৈ...! মোৰ মনত পৰে আজিও সেই কথাবোৰ যত তুমি অহৰহ দিনটোৰ শিৰোনাম মোৰ আগত পাঠ কৰিছিলা আজি কি হল... আৰু কালিলৈ কি কি হব.... তোমাৰ সেই অভ্যাসে জানা মোক আজিও নিতৌ, তোমাৰ ওচৰলৈ লৈ যায়! আৰু আজিও মই সদায় সেই শিৰোনাম শুনিবলৈ ৰৈ থাকোঁ!! মই জানো তুমি নাহা ওভতি তোমিতো নতুন পৃথিৱীৰ লগৰীৰ সতে উৰি আছে এতিয়া মুক্ত মণে.. মোক কোৱা কথাবোৰ আজি কালি বোলে বেল
Poetry Books 50% Off
Bestselling collections from top poets
