নৱ প্ৰভাত"
এতিয়া ঘোৰ অমানিশা জোৰকৈ বলিছে এজাক অসুখী বতাহ, জাগ্ৰত ধ্বংসী সত্তা বিসৰ্জিত মানৱতা লুণ্ঠিত জীৱন যৌৱনৰ সূৰুযমুখী হেঁপাহ। প্ৰদীপ্ত মাথোঁ এগছি শলিতা নাম যাৰ আশা, আকৌ হ'ব নতুন দিনৰ সূচনা নৱ প্ৰভাতে দিব শান্তি, সংহতিৰ এখনি অভেদ্য আকাশ প্ৰতিভাত হ'ব য'ত সত্য সুন্দৰৰ আৰাধনা।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
