ৰাজনীতি
বহুবাৰ দুনিয়া খন ঘূৰি ঘূৰি আজি আকৌ আহিছোঁ ৰাজনীতিৰ স্তম্ভ বিচাৰি । শেষ সকলো শেষ শিমলু কাঠৰ গণতন্ত্ৰৰ স্তম্ভতো বোলে আজি ঘূণে খাইছে এয়াই নে কি ৰাজনীতি অতীতৰ সেই বৰ্বৰতাৰ অন্ধ অনুকৰণ ? ক্ষমতা প্ৰাপ্তিৰ স্বপ্নইতো আৰু ৰাজনীতি হব নোৱাৰে । ৰজাৰ ক্ষমতাৰ তৰোৱালত আজি প্ৰজাৰ অশ্ৰু নিশ্ৰিত তেজ । দুদিনিয়া চমক আৰু আসম্ভিত প্ৰলোভোন যত মুগ্ধ নিৰক্ষৰ বিবেক বিহীন মন । ৰাজনীতিৰ চক্ৰান্ত ভেদ কৰা সামৰ্থ এওঁলোকৰ নাই এয়াইতো সুবিধা আকাংক্ষিত ৰাজনীতিকৰ কিন্তু কিমান দিন ? নিজৰেই ঠগ - প্ৰবঞ্চনাৰ অত্যাচাৰত আজি ৰাজনীতি নামৰ ঘোড়াতো প্ৰথৱস্ত । আৰে কিমান বাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব ছাৰ কিমানৰ ৰক্ত পাত হলে কান্দোন শুনা যাব আপোনাৰ ? দুৱাৰ খুলি দিলি আহি গল স্বাধীনতা পয়সত্তৰ বয়সত আজি দেশ কপে থৰ থৰ । সন্মুখত মুখ মেলি আজিও ধৰ্মৰ বেপাৰী অজগৰ দল বদলে দালাল বদলে কিন্তু চাল্লা ধৰ্মান্ধৰ দল নবদলে । আমাৰ আশাবোৰক যেন ধৰ্মই থৈছে বান্ধি নাযাবা বন্ধু নাযাবা ৰাজনীতিৰ দুৱাৰ খুলি আগুৱাই ক্ষমতা প্ৰাপ্তিৰ স্বপ্নই হৈছে এতিয়া ৰাজনীতি । মা, ভাই - বেহেন প্ৰতিটো সম্পৰ্কই যে হৈছে এতিয়া ৰাজনীতিৰ একো একোটা খণ্ড । বহুবাৰ দুনীয়াখন ঘূৰি আজি আকৌ আহিছোঁ ৰাজনীতিৰ স্তম্ভ বিচাৰি ।
Poetry Books 50% Off
Bestselling collections from top poets
