প্ৰৱাহিনী
সাৰথি তুমি, ভালপাওঁ তোমাক প্ৰৱাহিনী তোমাৰ বুকুতে সাঁতুৰি-নাডুৰি , তোমাৰ অমিয়াকে পান কৰি, তোমাৰ বালি চাপৰিত উমলি শৈশৱে মোৰ মাগিলে মেলানি সোণোৱালী ৰং বুটলি। প্ৰৱাহিনী তুমি প্ৰণয়ৰ দলিচা পাৰি যৌৱনৰ প্ৰথম পুৱাতো মাতিলা মোক ৰিং মাৰি, আকাশৰ নীলাবোৰ, চৌপাশৰ সেউজীয়াবোৰ বুকুত সামৰি অনুভৱী হৃদয়ে লিখিলে কত কবিতা, গুণগুনালে সুৱাগৰ মালিতা আঁকিলে কল্পনাৰ জোনাকী পঁজা। প্ৰৱাহিনী তুমি ফুলি আছা সূৰ্যমুখী হৈ মনৰ বাগিচা শুৱনি কৰি এগছি প্ৰদীপ হৈ নিবিড়ে জ্বলি আছা প্ৰাণৰ বেদীত জীৱনব্যাপী, সেয়েহে মোৰ জীৱনাকাশত বেলি লহিয়াৰ পৰতো আজি তোমাৰ ঘাটত চপালোঁ জীৱনৰ ডিঙা লোৱা মোক আঁকোৱালি লোৱা, তোমাৰ সোঁততে মোক বিলীন হ'বলৈ দিয়া।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
