যাত্ৰা...
: কি বুজাব বিচাৰিছা? : মইও তাৰে এক অংশ আৰু ভাৱবোৰে চাগে সেয়েহে বেছিকৈ আমনি কৰে!জানা মোৰ লগত ধেমালি খেলিবলৈ টনা আজোৰা কৰে আৰু মই ক্ষোভিত হওঁ...কিন্তু, নিশব্দে ৰও কিজানিবা দুখ পাই অন্তৰে। : হৃদয়খন খহি পৰিব নোখোজেনে? : খোজে,কিন্তু "মই" নামৰ আৱেগটোৱে পুনৰ তুলি ধৰে। : এহেজাৰ কাহিনীভৰা তোমাৰ জীৱনটোৱে জিৰাবলৈ দিয়েনে? : জিৰণি,জিৰাইছিলোঁ এসময়ত যেতিয়া দোকমোকালি পুৱালৈকে মাৰ হাতখন মোৰ কেঁকোৰা চুলিত আলফুলে বাগৰি ৰৈছিল...জিৰাইছিলোঁ তেতিয়া, যেতিয়া পত্নীৰ কোলাত ক্ষন্তেক চকু মুদিছিলোঁ আৰু... তেতিয়া জানা,যেতিয়া একলা দুকলাকৈ বাঢ়ি অহা মোৰ তনয়াক দুহাতেৰে সাৱটি বিছনাত বাগৰ দিছিলোঁ। হয়তো সেই সময়ে বৰ বেছিকৈয়ে জিৰাবলৈ দিলে,যাৰ কাৰণে এতিয়া প্রতিনিশা জাগি ৰও আৰু অনুভৱৰ দলিচাত পাৰ কৰোঁ প্ৰতিক্ষান্ত প্ৰহৰ! : অমানিশাৰ অটল গহ্বৰত বাৰুকৈয়ে ডুব গ'লা। : হমম। হেৰাই যোৱাৰো উপক্ৰম ঘটে। : কিন্তু তেনে কৰা জানো উচিত? : বিকল্প জানো তোমাৰ সমীপত আছে? : জীৱনৰ পৰিধি ভাঙি ওলাই যাবলৈ এতিয়াও বহু সময় বাকী। তুমিটো কলাৰ পূজাৰী। আত্মীয়ৰ কামনাক পূৰ্ণতাৰ ৰূপ দিয়াটো তোমাৰ বাবে কোনো অপ্ৰিতিকৰ কাৰ্য নহয়!
Poetry Books 50% Off
Bestselling collections from top poets
