তোমাৰ ডেউকাৰ তলত
সঁচাকৈয়ে কেতিয়াবা ভাবোঁ, তাই ডাঙৰ আচলতে, মইহে সৰু। যিমানেই প্ৰয়াস কৰোঁ, কিন্তু মনটো বৰ গম্ভীৰ, বুজাও নিজকে —এই ভালপোৱাতো হ’ব নে স্থিৰ? তাইৰ হাঁহি, তাইৰ চকু—সপোন যেন লাগে, যদি কেনেবাকৈ হেৰায় যাই। চিন্তাত থাকোঁ প্ৰতিপল— তাই মোৰ হাত এৰি যাই যদি কেতিয়াবা? কিন্তু সময়ত তাই কয়—"মই তোমাৰেই" বুলি, তাইৰ সেই কথাই মনটো সুখী কৰে। তাই ইমান বুজি চলে, মোক ধৰি ৰাখে, যেতিয়া মই ভাঙি পৰোঁ, তাই নিজৰ ওচৰত জিৰাবলে দিয়ে। জীৱনটো অনিশ্চিত। ভয় থাকে বহুত, তাইৰ হাতত ধৰি থাকিব বিচাৰোঁ। তাই মোৰ সৈতে আছে—এইটোয়ে যথেষ্ট,
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
