"আই"
আই! কুশলে আছনে তই? তৰাৰ দেশত অকলে নীৰৱে, চেনেহৰ জীলৈ তোৰ বাৰু মনত নপৰেনে? বিচাৰি ফুৰোঁ তোক নিশাৰ আকাশত প্ৰতিদিনে, বিচাৰি ফুৰোঁ তোৰ সৰগী সুবাস বাকচত সযতনে থোৱা তোৰ কাপোৰৰ ভাঁজে ভাঁজে। আই! তই বাৰু জাননে? এতিয়া মই সফল-মনোৰথৰ যাত্ৰী, মোৰ সততা আৰু তোৰ আদৰ্শৰ চানেকীৰে। কৰ্ম ব্যস্ততাৰ অন্তত যেতিয়া ঘৰলৈ উভটো মই ভাগৰুৱা দেহাৰে, তোৰ এষাৰি মৌ-সনা মাতৰ অভাৱে মোক বৰকৈ জুৰুলা কৰে! যেতিয়া মোৰ জ্বৰ উঠে আই, আই বুলি চিঞৰি কান্দো এটি শিশুৰ দৰে, মন যায় তোৰ কোলাত মূৰ থৈ এখন্তেক শুবলে। আই অ" তই নথযার দুখে মোক হুল হৈ বিন্ধে, তথাপিও, জীৱন সজাও এমোকোৰা হাঁহিৰে তোৰ আশীষ শিৰত লৈ সদা আগুৱাও মানৱ পূজাৰ দিশে।।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
