গধূলিৰ আড্ডা
দিনৰ দিনটো কামৰ বোজাই বৰকৈ ভাগৰুৱা কৰিছে বহো আহক অলপ সময় শিলপুখুৰীৰ পাৰত থকা আঁহতজোপাৰ তলত । হাতত এটি জ্বলন্ত চিগাৰেট ফুৱাই ফুৱাই ধোৱাবোৰৰ সতে উৰুৱাই দিছোঁ দিনটোৰ ভাগৰবোৰ । প্ৰেমিক - প্ৰেমিকাই অশ্লীল কৰা এই গধুলি আমাৰ বাবে নহয় প্ৰেমিক - প্রেমিকাৰ অশ্লীল কাৰ্য্য দেখি গধূলি ঘৰলৈ উভতি অহা চৰাইজাকে ও আঁহতৰ ডালত বহি কিৰিলি পাৰিছে ! এইয়া যে গধূলিৰ আড্ডা নহয় এক অশ্লীল সন্ধিয়া । মন যায় আমাৰ ও হাতে হাত ধৰি ফুৰিবলৈ শিলপুখুৰীৰ পাৰত থকা আহঁত জোপাৰ তলত বহি তোমাৰ কোলাত মূৰ থৈ বহু কথা পাতিবলৈ । কিন্তু কি কৰিম আমাৰ সপোনবোৰেই যে ভুৱা এতিয়া ও ভাল দিনৰ অপেক্ষাত বহো গধূলি শিলপুখুৰীৰ পাৰত থকা আঁহত জোপাৰ তলত হাতত এটি জ্বলন্ত চিগাৰেট ফুৱাই ফুৱাই ধোৱাবোৰৰ সতে উৰুৱাই দিছোঁ দিনটোৰ ভাগৰবোৰ... আৰু সপোন ৰচিছো হৃদয়ৰ কেনভাছত ভৱিষ্যতৰ ।
Poetry Books 50% Off
Bestselling collections from top poets
