চিৰদিনৰ বাবে শুই গ'লা তুমি
ছিংগাপুৰৰ পৰা আহিলা তুমি, এখন শীতল কফিনৰ কোলাত। এইটো জানো তোমাৰ ঘৰলৈ অহা, নে এটি নিস্তব্ধ যাত্ৰাৰ সমাপ্তি? যি সুৰে জীৱন ভৰাইছিল, সেই সুৰ আজি স্তব্ধ! আকাশ-বতাহে কান্দিছে, অসমীয়া আইৰ চকুৰে নামিছে অশ্রু। বুকুৰ মৰমবোৰ হ'ল শীতল, কিন্তু তোমাৰ গীতৰ উত্তাপ চিৰন্তন। বহুত মৰমেৰে ঘূৰি আহিলা, মাটিৰ পুত্ৰ, চিৰদিনৰ বাবে শুই গ'লা তুমি। তুমিতো কেৱল শিল্পী নাছিলা, তুমিতো আছিলা সাহস আৰু প্ৰেমৰ প্ৰতীক। এই যাত্রা শেষ নহয়, আমাৰ হৃদয়ত বাজি থাকিব তোমাৰ "মায়াবিনী ৰাতিৰ বকত"। বিদায় জনালোঁ, হে আমাৰ মৰমৰ শিল্পী, তোমাৰ আত্মাৰ শান্তিৰ কামনাৰে। তুমি চিৰদিন জীয়াই থাকিবা, আমাৰ প্ৰতিটো উশাহ আৰু গীতত।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
