তোমাৰ গান
কি যে মিঠা মিঠা তোমাৰ গানৰ প্ৰবাহ, তন্দ্ৰামগ্ন দুচকুত জিলিকে অৰুণৰ জীৱনমুখী শত কবিতা। কি যে সাৰুৱা তোমাৰ গানৰ কথা, গঢ়িম যেন এখনি সেউজী বসুধা মোহাৰি ৰক্তৰঞ্জিত বীথিকা। তোমাৰ গান যেন এটি সাহিয়াল তেজীঘোঁৰা, উফৰাই দৌৰাত্ম্যৰ যত পুলি-পোখা পাতিম সৰ্বত্ৰে সততা, মানৱতাৰ নিৰন্তৰ সভা। মোৰ এবুকু বিষাদৰ অৱসান তোমাৰেই গানৰ মূৰ্চ্ছনা, তোমাৰ গান যেন শান্তি, প্ৰগতি আৰু সমন্বয়ৰ এখনি জয়ধ্বজা।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
