অনুপস্থিতিৰ বহাগ
তুমি নাথকা বাবে এইবেলি বসন্ত নাহিল মোৰ মনপথাৰত; হাতত লগোৱা নাই জেতুকাৰ বোল, গাত মেৰোৱা নাই মুগা-ৰিহাৰ স্নিগ্ধ উষ্ণতা; চুলিৰ খোপোনিতো গুজি লোৱা নাই নাহৰ-কপৌ। তোমাৰ অনুপস্থিতিত যেন দিশাহীন বহাগ; বিহুৱতিৰ যোজনা,ঢুলীয়াৰ ঢোলৰ মাতে এবাৰলৈও কপাব পৰা নাই মন। অন্তহীন প্ৰয়াসৰ পিছতো নিদ্ৰাবিহীনতাত পাৰ হৈ যায় বিবৰ্ন ৰাতি ! নীৰৱতাৰ বুকুৱেদি বেদনাৰ প্ৰতিধ্বনি— "অ’ আকাশ, তুমিতো নুশুনা মোৰ গান..." এই সুৰ আজি মোৰ নিঃসঙ্গতাৰ লগৰী, যʼত, অন্ধকাৰৰ প্ৰহৰ ভাঙি তোমাৰ সৈতে গাও মই ধুমুহাৰ গান,বজ্ৰৰ গান ; পৃথিৱীৰ বাসন্তিক অপৰূপৰ মাজত দেখো তোমাৰ মুখ,হীৰাৰ দৰে উজ্জ্বল সেই মুখ.......!!! বাস্তৱিকতাত হয়তো আহিছিল বহাগ, কিন্তু মোৰ বাবেহে সেয়া নাহিল— তোমাৰ অনুপস্থিতিৰ বহাগ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
