জুবিন বিহীন প্ৰথমটো বহাগ
চাওঁতে চাওঁতে পদূলি মূৰত বহাগ আহি পালেহি ইফালে কুলিৰ বিননী, আনফালে গছত নতুন কুঁহিপাত কপৌ পাহ ও আলফুলকৈ ফুলিছে, নাহৰ পাহৰ যেন ফুলিব মন নাই সেমেকিছে, চকুলো টুকিছে । নাহৰ পাহৰ সেই আগৰ নিচিনা আনন্দ নাই নাচনীৰ খোপাত গুজিবলৈ যেন সেই আগৰ হেঁপাহ নাই বুকুত হেজাৰ বিষাদ ৰাখি মাথো এইবাৰ বহাগৰ অপেক্ষা কৰিছে । নাহৰ পাহে ও বুজি পাইছে বহাগৰ আগমন দিবলৈ- নাহৰ গোৱা জুবিন যেন এইবাৰ নাই । নাহৰ পাহে জানে নাহৰ তালে তালে নাচি ফুৰা উদণ্ড যুৱক কেইজন যেন এইবাৰ বিহুতলীলৈ নাহে । সহজ জানো ? জুবিন অবিহনে বহাগ সহজ জানো ? নাহৰ অবিহনে বহাগ অবুজ হৃদয়ৰ বেদনাৰে আমি ক'বই লাগিব যে এইবাৰৰ বিহু আধৰুৱা জুবিন অবিহনে বহাগৰ ৰং যেন কিছু শেঁতা ।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
