Junuka
জুনুকা কেইদিনমানৰ পৰা এই চহৰত জোনাকবোৰ বোৱা হৈ উৰি ফুৰিবলৈ লৈছে অজস্ৰ জোনাক, শব্দহীন ,নিমাতী নিৰলে উৰিছে,ফুৰিছে জোনাকীৰ সমদল কাৰ বাবে জোনাক কাক লাগে জোনাকীৰ পোহৰ কিয় লাগে জোনাক জোনাকীৰ পোহৰ সেই কথাও কোনেও নাজানে বাবেই বোৱা হৈ পৰিল শত সহস্ৰ চহৰৰ জোনাক আশা, বাসনা,সপোন নাথাকে যদি যন্ত্ৰৰ বুকুত জোনাক জোনাকীৰ পোহৰৰ কাম কি! যান্ত্ৰিক চহৰবোৰত জোনাকবোৰ বোবা হৈয়ে থাকক নালাগে থাকিব মিছাকৈ পোহৰ বিলাব দেহ জিলিকাই জিলিক জালাক হৈ✍️ দীপিকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
