Happy New Year
বহুদিন তোমাক দেখা নাই কাদম্বৰী ... তুমি এতিয়াও কাজল লোৱা নে ??? তোমাৰ কাজল সনা চকুহালি মোৰ খুব প্ৰিয় আৰু অলপ ডাঠকৈ সজাবা তোমাৰ কাজলী চকুত মোৰ শব্দৰ বীৰ্যপাত কৰিব বিচাৰো বহুদিন তোমাক দেখা নাই এতিয়াও তোমাৰ চুলিকোছা নীল আকাশত খেলে নে ?? কেতিয়া মোৰ বুকুখনি চুই যাব তোমাৰ চুলিটাৰি য়ে নিৰৱতা য়ে মোৰ শব্দবোৰ কাঢ়ি লৈ গৈছে আছে মাথো শুন্যতা বিচ্ছেদৰ নদী খনি ত কিমান ওভতনি খোজ দিম পাইছো মাথো বিচ্ছিন্নতা শুন্যতা আৰু বিচ্ছিন্নতা সাবটি পাইছো মাথো হীনমন্যতা এতিয়া তোমাৰ অনুভৱ ৰ অভাৱ ত ভুগিছো বহু সন্ধিয়া হল তুমি আলিংগন নকৰাৰ বহু কবিতা আজিও শব্দ হৈয়েই আছে তোমাক এপলক কাষত পোৱাৰ অভাৱত বহু অভিমান য়ে আকোৰগোজ বান্ধি আছে তোমাৰ ওঠৰ ভাষাৰ কৈফিয়ৎ বিচাৰিব লৈ তুমি চাগে নেদেখা হয়তোবা মই তোমাক দেখাব পৰা নাই মোৰ ভালপোৱা বোৰ কিমান বিষাক্ত আৰু কিমান অভদ্ৰ হৈ পৰিছে লগতে দুৰ্গন্ধময়ী তোমাৰ বাবে নে মনৰ দাপোনখন তোমাৰ ভাঙি পৰিল আৰু মই হেৰাই পৰিলো ভঙা কাচ ৰ টুকুৰাৰ মাজত সেইবাবে চাগে তোমাৰ reply দিয়াৰো সময় নহল Happy New Year বুলি
Poetry Books 50% Off
Bestselling collections from top poets
