অপৰিতৃপ্ত
✍️দিক্ষীতা দাস উজাগৰী ৰাতিৰ নিস্তৱতাত জীৱনে সপোনক সোধে কিমান আৰু জোকাই ল মোক; তই দেখোন জ্ঞাত মোৰ সৰ্বস্ব! যন্ত্ৰণাৰ কোলাহলেৰে ভৰা জীৰ্ণ ৰেলৰ যাত্ৰী মই... মৰুৰ মাজত মৰিচিকা খেদি স্নাতক, স্নাতোকত্তৰৰ দস্তাবেজ খেপিয়াও লাইব্ৰেৰীৰ চকী খনে ৰিঙিয়াই খবৰ কাকতত বিয়পি আহে নিয়োগ বাৰ্তা, মগজুত প্ৰচণ্ড খুন্দা প্ৰতিযোগিতাৰ শিখৰত দৌৰা লগৰবোৰে কয়; আৰু কিমান বাকী? প্ৰত্যুত্তৰত ..সাংসাৰিকতাৰ এশ এবুৰি সমস্যা। অংকৰ অংক কৰোতেই আউল লাগে জীৱনৰ অংক। অশান্ত আত্মাই বিচাৰে জীৱনত সপোনৰ পূৰ্ণতা স্মৃতিৰ বোকোচাত বহি সোঁৱৰাই অতীত গাঠা।।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
