মই এদিন যামগৈ
কোনেও নজনাকৈয়ে হয়টো গুচি যাম পী লম যন্ত্ৰণা জীৱনৰ মুকলি কৰিম বন্ধ দুৱাৰ অতৃপ্ত বাসনা মোৰ শিৰাই উপশিৰাই ৰণাংগনৰ তেজাল ঘোঁৰা চেঁকুৰিছে মোৰ তেজে তেজে সেউজীয়া বোৰ সুঁৱৰণি কৰি সপোনবোৰো ধুলিয়ৰি বাটে ঘাটে মাথোঁ উজুটি কি পালোঁ ,কি দিলোঁ কি হেৰুৱালোঁ এই বিচিত্ৰ পৃথিৱীত সকলো বৈচিত্ৰময় ঘূৰাই দিয়ো স্মৃতি সময়ৰ হতে গুচি যাম কোনেও নজনাকৈ পী লৈ যন্ত্ৰণা জীৱনৰ। দীপিকা দত্ত 12/06/2026
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
