" মোবাইল "
মোবাইল তো হাতত লৈয়ে জুমি চাও ফেচবুকৰ পাত লুটিয়াই, তোমাক চোৱাৰ হেঁপাহ । তোমাৰ এখনি ফটো নতুবা লিখনি হওঁক নতুন আপডেট । ইনষ্টা অথবা হোৱাটচআপতো একেই হাবিয়াস । এবাৰ দেখা পোৱা অলপ কথা মনৰ উৎসাহ বঢ়াই । এয়াও চাগে এক প্ৰেম । তাহানিৰ দিনত ডাকোৱাল ককাইটিলৈ ৰৈ থকাৰ যি উৎকণ্ঠা, ৰঙা বাকচটোৱে যোগাযোগৰ মাধ্যম । আজিৰ দিনত মাত এষাৰি পাবলৈ উৎকণ্ঠা । ৰাতিপুৱাৰ পৰা ৰাতিলৈ দীঘলীয়া পৰিক্ৰমাত মাত এষাৰৰ প্ৰয়োজন । নিসংগতাই সাবতি ধৰা জীৱনটোত একমাত্ৰ সংগী মোবাইল তো ।। ------------------ পৱন ডেকা
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
