বৰ্ষা প্ৰেমিক
খবৰ নিদিয়াকৈ আহিল এদিন, আকাশখন সেমেকা কৰি, মেঘৰ আঁচল মেলি গুজৰি গুমৰি বৰষুণ ভাল পোৱা তাই ৰৈ আছিল সেইদিনা দুপৰটো অলপ বেলেগ আছিল, বতাহত মাটিৰ গোন্ধ, দূৰ পাহাৰৰ বুকুৰ পৰা লাহে লাহে নামি আহিছিল ক'লা মেঘ তাই আহি খিৰিকীৰ কাষত বহিল, হাতৰ আঙুলিত বৰষুণৰ টোপাল, চকুত সপোন, ওঁঠত হাঁহি, মনত যেন হাজাৰ কবিতাৰ জন্ম বৰুণ দেৱতাই যেন তাইৰ বাবে বীণা বজাইছিল, টুপটাপ শব্দবোৰে গান গাইছিল চৌপাশে খিৰিকীৰ কাঁচত আঙুলি বুলাই তাই আঁকিছিল নাম নথকা ছবি, কেতিয়াবা নদী, কেতিয়াবা ফুল, কেতিয়াবা মাত্ৰ এটি হৃদয়।
Ad
Poetry Books 50% Off
Bestselling collections from top poets
Shop Now →
